June 13, 2025 8:25 PM

views 13

তিনিচুকীয়াৰ বান আৰু খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তিনিচুকীয়াৰ বান আৰু খহনীয়া পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বালিজান, লোহিত আৰু নোৱাদিহিং নদীৰ বান আৰু খহনীয়া সমস্যাৰ বুজ লৈ বালিজান নৈৰ মথাউৰি নিৰ্মাণৰ বাবে বিভিন্ন দিশসমূহ পর্যবেক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নির্দেশ দিয়ে। উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ ডিব্ৰুগড় সংমণ্ডলৰ অধীনত শদিয়াৰ উদয়পুৰ দেউৰী গাঁৱত বালিজান নৈত ৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ কাম কৰা হৈছিল। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক শদিয়াৰ বিধায়ক বলিন চেতিয়াই সংগ...