September 30, 2024 8:43 PM

views 23

সাংবাদিকক ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ আৰু নিজ অঞ্চলত সজাগতা সৃষ্টি কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান

মন্ত্রী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কীয় এটি অনুষ্ঠানত অংশ লয়। বিভিন্ন জিলাৰ পৰা অহা সাংবাদিকসকলৰ সৈতেও তেওঁ অনুষ্ঠানত মত বিনিময় কৰে। তেওঁ সাংবাদিকসকলক ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ লগতে নিজ নিজ অঞ্চলত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অসম আৰক্ষীৰ তৰফৰ পৰা ড্ৰাগছৰ প্ৰকাৰ, প্ৰচলন, সৰবৰাহ আদিৰ বিষয়ে বিশ্লেষণ কৰা হয়। তেওঁ সাংবাদিকসকলক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা আগবঢ়োৱা...