July 3, 2025 1:16 PM July 3, 2025 1:16 PM
4
ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা-বিষয়াক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশ
জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কালি ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১ টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা বিষয়া-বৰ্গক কঠোৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কয়, যে ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্রযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হৈ এই প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত বুজ লয়। প্ৰতিখন জিলাৰ অভিযন্তাসকলে এই বৈঠকত ভার্চুৱেলী অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত...