May 18, 2025 7:16 PM

views 11

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ ৰহাৰ ওচৰত কলং নদীৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি ৰহাৰ পৰা দুবৰ্তিলীলৈ কলং নদীৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখন বানমুক্ত কৰি গঢ়ি তোলাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি জলসম্পদ বিভাগে ৰহা বিধানসভা সমষ্টিত এই মথাউৰি নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। মন্ত্ৰী শ্ৰীহাজৰিকাই আজি এই নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰাৰ পাছত সংশ্লিষ্ট বিষয়াসকলক যথাসময়ত মান সম্পন্ন কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।