October 26, 2025 7:53 PM

views 19

নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আজি ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভকৰে। ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ ৮ কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কার্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে খনন কাৰ্যৰ শুভাৰম্ভ কৰি কষ যে এই এলেকাত কাষৰীয়া পাহাৰৰ পৰা বোকা-মাটি খহি অহাৰ ফলত নৈকেইখনত পানীৰ বহনক্ষমতা হ্রাস পাইছিল আৰু খেতিপথাৰত পলস পৰিছিল। সেয়েহে নৈকেইখন খনন কৰি পানীৰ চলাচল প...