December 20, 2024 12:15 PM

views 13

বনভোজৰ বতৰত নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ ৰাজ্যবাসীলৈ পৰিবহণ বিভাগৰ এলানি পৰামৰ্শ

বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসীৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে জনসাধাৰণক পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে আৰু এলানি পৰামৰ্শ প্ৰকাশ কৰিছে। ভ্ৰমণৰ বাবে সুৰাপান নকৰা চালকক নিযুক্তি, বিজুতিবিহীন বাহন ব্যৱহাৰ, ছীট বেল্ট আৰু হেলমেট পৰিধান, নিৰাপদে পার্কিং পৰিকল্পনা আদি নিশ্চিত কৰাৰ লগতে নিজৰ ঠিকনা আৰু গন্তব্য স্থান সম্পৰ্কে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ পৰিবহণ বিভাগে আহ্বান জনাইছে।