December 28, 2025 9:15 PM December 28, 2025 9:15 PM
11
বছৰৰ শেষৰটো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজ দলৰ সমাগম
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত জাৰকো নেওচি অগণন লোকে প্রাকৃতিক পৰিৱেশত একগোট হৈ বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালী, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰ, হাতিশিলাৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগ...