December 30, 2024 12:33 PM December 30, 2024 12:33 PM
19
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম
বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো কালি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালি, ব...