August 4, 2025 5:59 PM

views 38

ভাৰত-আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহলৈ প্ৰেছ ইনফৰমেচন ব্যুৰ’ আহ্বান

প্ৰেছ ইনফৰমেচন ব্যুৰ’ পি আই বিৰ তথ্য পৰীক্ষণ গোটে ভাৰত আৰু আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহক আহ্বান জনাইছে। এনে একাংশ একাউণ্টৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কেতবোৰ বিবৃতি বিকৃত ৰূপত প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পি আই বিৰ তথ্য পৰীক্ষণ গোটে অনলাইন মাধ্যমত প্ৰচাৰিত এনেধৰণৰ ভুল তথ্য তথা ভুৱা প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ সংশ্লিষ্ট সকলোকে সকিয়াই দিছে। গোটটোৱে লগ...

August 1, 2025 11:14 AM

views 26

দেশত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই বুলি পি আই বিৰ স্পষ্টতা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ঘোষণা কৰা ২৫ শতাংশৰ আমদানী শুল্কৰ বাবে ভাৰতীয় বজাৰসমূহত ছহেজাৰ কোটি ডলাৰৰ লোকচান হোৱা হেঁতু ভাৰতত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে বুলি পাকিস্তানৰ পৰা চলোৱা অপপ্ৰচাৰ চৰকাৰে খাৰিজ কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ পি আই বিৰ তথ্য পৰীক্ষা গোটে এই দাবীক বিভ্ৰান্তিকৰ আৰু ভুৱা বুলি অভিহিত কৰিছে। পি আই বিয়ে দেশত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে। পি আই বিয়ে লগতে জনসাধাৰণৰক সতৰ্ক হৈ থাকিবলৈ আৰু নিৰ্ভৰযোগ্য তথ্যৰ বাবে আনুষ্ঠান...

November 25, 2024 8:11 PM

views 34

ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা বছৰৰ ৫ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ হ'বলগীয়া বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন অর্থাৎ ৱেভছৰ প্ৰস্তাৱনা কাৰ্যসূচীৰ অংশ হিচাপে আজি ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক গণমাধ্যম, মনোৰঞ্জন আৰু বিষয়বস্তু সৃষ্টিৰ গতিশীল জগতখনৰ সৈতে সংযুক্ত কৰোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত গণমাধ্যম শিক্ষাৰ সৈতে জড়িত ছাত্ৰ- ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ...

September 7, 2024 12:47 PM

views 29

ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সকিয়নি

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে অফিচিয়েল ৱেবছাইটৰ ৰূপত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে সকিয়নি দিছে। তথ্য পৰীক্ষা গোটে কৈছে যে, প্রবঞ্চনামূলক ৱেবছাইট "bsnltowerindia.com" এ প্ৰতাৰনামূলকভাৱে ফাইভ-জি টাৱাৰ স্থাপনৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৱে কৈছে যে, আবেদনৰ ঠিকনা বি এছ এন এলৰ সৈতে সম্পর্কিত নহয়। সেয়েহে এনে সন্দেহজনক ৱেবছাইটত ব্যক্তিগত তথ্য প্ৰদান নকৰিবলৈ পি আই বিয়ে সকলোকে আহ্বান জনাইছে। বি এছ এন এলৰ অফিচিয়েল ৱেবছাইট হৈছে "bsnl.co.in" |

August 2, 2024 3:11 PM

views 59

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি উৎখাত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি সেইবোৰ উৎখাত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে আজি ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰত এই কথা প্রকাশ কৰে। ২০১৯ চনত ব্যুৰোৰ তথ্য পৰীক্ষণ গোটটো প্ৰতিষ্ঠা কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীত স্থাপন কৰা এই গোটটোৰ আঞ্চলিক ভিত্তিৰ কোনো শাখা স্থাপন বিষয়ে সম্প্ৰতি পৰিকল্পনা কৰা হোৱা নাই। ভুৱা বাতৰি...

August 2, 2024 12:16 PM

views 45

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত কাইলৈ নিশা ৮.০২ মিনিটত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্ৰিদীপ বপৰৰ্নচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্ৰোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

July 11, 2024 8:44 PM

views 29

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...

June 25, 2024 8:45 PM

views 22

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্রীগুপ্তাই কয় যে, নতুন তিনিখন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় ন...