August 19, 2024 11:42 AM

views 15

বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত বিশেষ প্ৰদৰ্শনীৰ আয়োজন

অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত আজি এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ ছেপ্টেম্বৰলৈ চলিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰা প্রদর্শনীখন সোমবাৰ আৰু ৰাজহুৱা বন্ধৰ বাহিৰে প্ৰতি দিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জনসাধাৰণৰ বাবে মুকলি থাকিব।