May 12, 2024 11:34 AM

views 31

ফাৰ্মাচী বিষয়ৰ স্নাতক ডিগ্রী বা ডিপ্লমা পাঠ্যক্ৰমৰ বাবে চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষা

ৰাজ্যৰ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ফাৰ্মাচী বিষয়ক স্নাতক ডিগ্রী বা ফাৰ্মাচীৰ ডিপ্লমা পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিবলৈ চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ৰাজ্যৰ স্বাস্থ্য বিজ্ঞান সংক্রান্তীয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঃ কৰবী বৰুৱাই এখন জাননীযোগে এই বিষয়ে প্রকাশ কৰিছে। চলিত বৰ্ষত এই দুই পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰাসকলে অহা ২৩ জুনত হ'বলগীয়া প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধু...