August 3, 2024 8:44 PM August 3, 2024 8:44 PM
23
কেন্দ্ৰীয় চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ফকিৰাগ্ৰাম ৰে’ল ষ্টেচন বিকশিত কৰাৰ ব্যৱস্থা
কেন্দ্ৰীয় চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূবত ৬০টা ৰে'ল ষ্টেচন বিশ্বমানৰ সা-সুবিধাৰ সৈতে বিকশিত কৰাৰ ব্যৱস্থা কৰিছে। বাছনিপ্রাপ্ত ষ্টেচনসমূহৰ ভিতৰত অসমৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰে'ল ষ্টেচনটো ৩৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে বিকশাই তোলাৰ পদক্ষেপ লোৱা হৈছে। এই ষ্টেচনটোৰ পুনৰ নিৰ্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰে'ল যাতায়াতকাৰীসকলক সা-সুবিধা প্ৰদান কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ নিউ জলপাইগুৰি-নিউ বঙাইগাঁও খণ্ডৰ মাজত অৱস্থিত এই ষ্টেচনটোত যাত্ৰীসকলৰ সুবিধাৰ বাবে অত...