August 4, 2024 6:54 PM

views 18

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক ৪–২ গলত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত চীনৰ লী কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। ইফালে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ লক্ষ্য সেনে ডেনমার্কৰ ভিক্টৰ এক্সেলচেনৰ হাতত পৰাজয় বৰণ কৰে। সেনে কাইলৈ মালয়েছিয়াৰ লী জি জিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব।

July 28, 2024 7:19 PM

views 15

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকেৰৰ মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ মনু ভাকেৰে মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। দহ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত ২২১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। আনহাতে, পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত অর্জুন বাবুতাই ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। ইফালে মহিলাৰ একক ইভেণ্টত ছুইডেনৰ ক্ৰিষ্টিনা কলবাৰ্গৰ বিৰুদ্ধে ভাৰতীয় পেডেলাৰ শ্ৰীজা আকুলাই ৬৪ ৰাউণ্ডত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰ...

July 23, 2024 10:35 AM

views 20

অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাক কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ অভিনন্দন জ্ঞাপন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই অলিম্পিক আন্দোলনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই কৃতিত্বই সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, সঁচাকৈয়ে এগৰাকী যোগ্য খেলুৱৈ হিচাপে শ্রীবিন্দ্ৰাই এই সন্মান লাভ কৰিছে। খেলুৱৈগৰাকীয়ে শ্বুটিঙৰ সৈতে জড়িত খেলুৱৈসকলৰ উপৰি অলিম্পিকত অংশগ্ৰহণ কৰা খেল...

July 9, 2024 8:11 PM

views 21

গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া খেলুৱৈ দলৰ ছেফ দ্যা মিছন হিচাপে ঘোষণা

ভাৰতীয় অলিম্পিক সংস্থাই অলিম্পিকত চাৰিবাৰকৈ অংশগ্ৰহণ কৰা তথা ২০১২ চনৰ অলিম্পিক ক্ৰীড়া মহোৎসৱত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙক ২৬ জুলাইৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া খেলুৱৈ দলৰ ছেফ দ্যা মিছন হিচাপে ঘোষণা কৰিছে। নাৰঙে এম চি মেৰিকমৰ ঠাইত এই দায়িত্ব গ্ৰহণ কৰিব । অলিম্পিক সংস্থাৰ অধ্যক্ষ ড° পি টি উষাই কালি কয় যে মেকিমে পদ ত্যাগ কৰাৰ পাছত উপ-ছেফ দ্যা মিচন নাৰঙক এই দায়িত্ব অর্পণ কৰা হয়। ড° উষাই লগতে দুবাৰকৈ অলিম্পিকত পদক অৰ্জন কৰা একমাত...

May 13, 2024 11:06 AM

views 9

পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ অংশগ্রহণ

এই আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাৰ্ট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক’টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ’গাটে ৫০ কিলোগ্রাম, অন্তিম পংঘালে ৫৩ কিলোগ্রাম, অংশু মালিকে ৫৭ কিলোগ্ৰাম আৰু ৰীতিকা হুড়াই ৭৬ কিলোগ্রাম ওজন শাখাত পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। ইস্তানবুল প্রতিযোগিতা মল্লযোদ্ধাসকলৰ বাবে পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জ...