November 1, 2024 7:57 PM

views 26

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক অসম পেৰালিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

অসম পেৰালিম্পিক সন্থাই সদ্যসমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক আজি খানাপাৰাত আয়োজিত এটা অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্রতিযোগিতাত দুটা সোণ জয় কৰা কৃষ্ণা দাস, এটা সোণ লাভ কৰা সূৰ্য শ‍ইকীয়াক আজি সম্বৰ্দ্ধনা জনোৱা হয়। আনহাতে, তিনিটা ৰূপ জয়ী য়েছমিন খাতুন তথা এটাকৈ ব্ৰঞ্জ জয় কৰা ছাজিদা বেগম আৰু প্ৰীতি দাসকো অসম পেৰালিম্পিক সন্থাই সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত সন্থাৰ সভাপতি চন্দন বৰুৱা, সম্পাদক ৰাজীৱ দে, উপ-সভাপতি দোৰথি ছুচিয়াং, অ...

September 28, 2024 8:33 PM

views 18

পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি জম্মুৰ ৰাজভৱনত পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জনায়। শ্ৰী সিনহাই জম্মু-কাশ্মীৰৰ পেৰা ধৰ্মবিদদ্বয়ক পেৰিচ পেৰালিম্পিক ২০২৪ত তেওঁলোকৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

September 13, 2024 5:20 PM

views 29

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে পেৰালিম্পিয়ানসকলৰ জীৱনৰ দৃষ্টিভংগী সকলোৰে বাবে বৃহৎ শক্তি। এই আদান-প্ৰদানৰ সময়ত স্বর্ণ পদক বিজয়ী সুমিত আট্টিলে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এটা স্বর্ণপদক উচৰ্গা কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি...

September 7, 2024 9:19 PM

views 21

পেৰিছ পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ

ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিকত ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ কৰিছে। কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ আজি পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। দৌৰবিদ চিমৰণ মহিলাৰ ২০০ মিটাৰত টি টুৱেল্ভ, দিলীপ গাৱিট পুৰষৰ ৪০০ মিটাৰৰ টি ফ'টি ছেভেন আৰু নৱদীপ পুৰুষৰ জেভলিন থ্ৰৰ এফ ফৰ্টি ৱান শিতানত অৱতীৰ্ণ হ'ব।

September 2, 2024 8:43 AM

views 24

পেৰিছ পেৰালিম্পিকত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ

■ পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। ভাৰতে এই পর্যন্ত এটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ মহিলাৰ বেডমিণ্টনত পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে মনীছা ৰমাদাছক পৰাস্ত কৰি মহিলাৰ একক S-U-5 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি চীনৰ কিউ জিয়া ইয়াঙৰ মুখামুখি হব। আনহাতে ব্ৰঞ্জৰ পদকৰ বাবে হবলগীয়া খেলখনত ডেনমার্কৰ কেথ্রিন ৰ'জেনগ্রেন, মনীছাৰ মুখামুখি হব। পুৰুষৰ একক S-L-3 ছ...

September 2, 2024 8:37 AM

views 21

পেৰিছ পেৰালিম্পিকত ভাৰতীয় পেৰা এথলীট প্রীতি পালৰ মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন

■ পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতীয় পেৰা এথলীট প্রীতি পালে মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এই জয়েৰে প্ৰীতিয়ে পেৰালিম্পিকছৰ ট্ৰেক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰছনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুর্মুৱে কয় যে, প্রীতিক লৈ সমগ্ৰ ভাৰত গৌৰাৱান্বিত ত্ৰিৰংগা পতাকা লৈ খেলুৱৈগৰাকীৰ বিজয়ৰ ছবিসমূহ...

August 31, 2024 7:48 PM

views 21

পেৰিছ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ভাৰতৰ ৰুবিনা ফ্ৰান্সিছৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২১১ দশমিক ১ পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইৰাণৰ এছ জৱানমদিয়ে এই শিতানত সোণৰ আৰু তুৰস্কৰ এ ওজগানে ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

August 29, 2024 1:19 PM

views 24

চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতাত ১৬৭ দেশৰ ৪,৪০০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

পেৰিছত কালি চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতা আৰম্ভ হৈছে। পেৰিছত অনুষ্ঠিত আকর্ষণীয় অনুষ্ঠানৰ পাছত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। প্রতিযোগিতা ১৬৭ খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। ২০২০ বৰ্ষৰ টকিঅ' অলিম্পিকৰ সোণৰ পদক বিজেতা জেভলিন খেলুৱৈ সুমিত অনতিল আৰু বিশ্ব অভিলেখ সৃষ্টি কৰা টেবল টেনিছ খেলুৱৈ ভাগ্যশ্রী যাদৱে উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ধবজা বহন কৰে। প্ৰতিযোগিতাত এইবাৰ ভাৰতৰ ৮৪ জনীয়া খেলুৱৈ দলে ভাগ লৈছে। এয়া হৈছে পেৰালিম্পিকত ভাগ লোৱা দেশৰ সৰ্ববৃহৎ দল। ভাৰতে ২২টা শিতান...

August 28, 2024 10:20 AM

views 21

পেৰিছত আজি ২০২৪ চনৰ পেৰালিম্পিক আনুষ্ঠানিকভাৱে আৰম্ভ

পেৰিছত আজি ২০২৪ চনৰ পেৰালিম্পিক আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। ৮ ছেপ্তম্বৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব। ফ্রান্সে এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেসৰালিম্পিকৰ আয়োজন কৰিছে। ইয়াৰ পূৰ্বে ১৯৯২ চনত দেশখনৰ শীতকালীন পেৰালিম্পিক অনুষ্ঠিত হৈছিল। এইবাৰৰ পেৰালিম্পিকত ভাৰতৰ ৮৪জনীয়া খেলুৱৈ দলে ভাগ ল'ব। এয়া হ'ব পেৰালিম্পিকত অংশ লোৱা ভাৰতৰ সৰ্ববৃহৎ দল। ভাৰতে ২২টা শিতানৰ ভিতৰত ১২টাত ভাগ ল'ব। এইবাৰ পেৰা চাইক্লিং, পেৰা জুদো আৰু পেৰা ৰোয়িঙত ভাৰতে প্ৰথমবাৰলৈ ভাগ ল'ব ।