August 25, 2024 11:34 AM

views 24

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় পেৰা শ্বুটিং দলৰ স্বদেশৰ পৰা ৰাওনা

ভাৰতীয় পেৰা শ্বুটিং দলটো পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে স্বদেশৰ পৰা ৰাওনা হৈছে। মনিষ নাৰ'ৱাল, আমিৰ আহমেদ ভট্, ৰুদ্ৰাংশ খাণ্ডেলৱাল, অৱনী লেখা, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ, স্বৰূপ মহাবীৰ, সিদ্ধার্থ বাবু, শ্ৰীহৰ্ষ দেৱৰড্ডী আৰু নিহাল সিঙক লৈ গঠিত দলটোৱে টকিঅ’ পেৰালিম্পিকত অধিক উন্নত প্ৰদৰ্শনৰ চেষ্টা চলাব। উল্লেখযোগ্য যে, ভাৰতীয় পেৰা শ্বুটিং দলটোৱে টকি পেৰালিম্পিকত দুটা সোন, এটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ ৪টা পদক লাভ কৰিছিল। ৩০ আগষ্টত পেৰিছ পেৰালিম্পিকৰ শ্বুটিং শিতানৰ খেলসমূহ আৰম্ভ হ'ব।