March 13, 2025 9:21 PM March 13, 2025 9:21 PM
4
প্ৰসাৰ ভাৰতীৰ শব্দ প’ৰ্টেলৰ সেৱাৰ এবছৰ সম্পূৰ্ণ
প্ৰসাৰ ভাৰতীৰ শব্দ প'ৰ্টেলৰ সেৱাই চলিত মাহত এবছৰ সম্পূৰ্ণ কৰিলে। এই সেৱাৰ সময় অহা বছৰলৈ পুনৰ বৃদ্ধি কৰা হৈছে। অহা বৰ্ষৰ মাৰ্চ মাহলৈকে শব্দ প'ৰ্টেলে বিনামূলীয়া সেৱা আগবঢ়াই থাকিব বুলি প্ৰসাৰ ভাৰতীৰ সূত্ৰই প্ৰকাশ কৰিছে। ১৫০০তকৈও অধিক সাংবাদিক, সংবাদদাতা তথা অন্যান্যসকলে দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰিসমূহ এই প'ৰ্টেলৰ যোগেদি প্ৰচাৰ কৰে। এই প'ৰ্টেলত কৃষি, প্রযুক্তি, বৈদেশিক পৰিক্ৰমা আৰু ৰাজনীতি সম্পৰ্কীয় বাতৰিসমূহ সকলোবোৰ ভাৰতীয় ভাষাতে পোৱা যায়।