May 26, 2024 1:06 PM

views 20

“All We Imagine as Light” নামৰ কথাছবিৰ বাবে গ্রাঁ প্লী বঁটা অৰ্জন পায়ল কাপাডিয়াৰ

চলচ্চিত্র নির্মাতা পায়ল কাপাডিয়াই কালি কাঁ চলচ্চিত্র মহোৎসৱত গ্রাঁ প্লী বঁটা অৰ্জন কৰি এই বঁটা লাভ কৰা দেশৰ প্ৰথমগৰাকী কথাছবি নির্মাতা ৰূপে ইতিহাস ৰচনা কৰে। তেওঁ "All We Imagine as Light" নামৰ কথাছবিখনৰ বাবে এই চলচ্চিত্র মহোৎসৱত দ্বিতীয় সবাতোকৈ সন্মানীয় পুৰস্কাৰ লাভ কৰে। "All We Imagine as Light" কাঁ মহোৎসৱৰ মূল প্রতিযোগিতাত প্ৰদৰ্শন কৰা ভাৰতীয় মহিলা পৰিচালকৰ প্ৰথমখন কথাছবি। কাপাডিয়াৰ কথাছবিখনে ফ্রান্সিছ ফোর্ড কোপোলা, ছিন বেকৰ, য়োগোছ লেণ্ঠিমোছ, প'ল শ্ৰেদৰ, মেগনাছ বা'ন হৰ্ণ আৰু পাৱলো ছ'ৰেনটিনোৰ দ...