October 3, 2025 12:48 PM October 3, 2025 12:48 PM
7
ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৯১ সংখ্যক জন্ম বার্ষিকী পালন
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯১ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন স্থানত সুকীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। ১৯৩৪ চনৰ আজিৰ দিনটোত কলকাতাত জন্মলাভ কৰা মহান শিল্পীগৰাকীয়ে সমৃদ্ধিশালী অসমীয়া সংস্কৃতিৰ এই বিশেষ ধাৰাটোক ৰাজ্যৰ পৰিসীমা অতিক্ৰম কৰাই সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠা কৰি থৈ গ'ল। হস্তিৰ কন্যা, তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে আদিকে ধৰি ভালেমান গোৱালপাৰীয়া লোকগীতক শ্ৰোতা সমাজৰ মাজত পৰিচিত কৰাই দিয়া প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰা ভাৰতৰত্ন সন্মানেৰে বিভূষিত...