September 8, 2024 7:32 PM September 8, 2024 7:32 PM
6
পাঠশালাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভর্তি অভিযান আৰম্ভ
বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভর্তি অভিযান অনুষ্ঠিত হয়। এই কার্যসূচীত অসম প্রদেশ বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। এই অনুষ্ঠানত সহস্রাধিক লোকে আনুষ্ঠানিকভাৱে দলটোত যোগ দিয়ে। অনুষ্ঠানত মন্ত্ৰী দাসে কয় যে দলৰ এই অভিযানত পুৰণি সকলো সদস্যই পুনৰ পঞ্জীয়ন কৰিব লাগিব। সমগ্ৰ দেশত এই অভিযানৰ অধীনত ১৯ কোটি সদস্য ভৰ্তিৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।