November 30, 2025 7:05 PM

views 14

পুণেৰ ক্ষেত্রপাল পেৰেডগ্ৰাউণ্ডত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৯ সংখ্যক পাছিং আউট পেৰেড সম্পন্ন

পুণেৰ খড়কৱাছলাত থকা ক্ষেত্রপাল পেৰেডগ্ৰাউণ্ডত আজি পুৱা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৯ সংখ্যক পাছিং আউট পেৰেড সম্পন্ন হয়। নৌ সেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠিয়ে এই পেৰেড পৰিদৰ্শন কৰে। মুঠ ৩২৯ গৰাকী কেডেটক সশস্ত্র বাহিনীত অন্তর্ভুক্ত কৰা এই পেৰেডত কেডেট সিদ্ধার্থ সিঙে নেতৃত্ব বহন কৰে। এই অনুষ্ঠানত দীপক কান্দপালে সোণ, সিদ্ধার্থ সিঙে ৰূপ আৰু সিদ্ধি জৈনে ব্ৰঞ্জৰ পদক লাভ কৰে। গলফ স্কোৱাৰ্ডনক ছীপ অফ ষ্টাফৰ বেনাৰ প্ৰদান কৰা হয়।