January 12, 2025 7:49 PM

views 49

গুৱাহাটীৰ খানাপাৰাত পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি

গুৱাহাটীৰ খানাপাৰাৰত ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই কয়, যে এই মেলা পশুপালকৰ আয় বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে। কৃষি ক্ষেত্ৰৰ উন্নতি দেশৰ শক্তি আৰু সমৃদ্ধিৰ আধাৰ বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কৃষক তথা পশুপালকসকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জন কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কৃষক সমাজক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ...