August 14, 2024 7:46 PM August 14, 2024 7:46 PM
11
আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন
দেশ বিভাজনৰ দুঃসহ স্মৃতিৰ সোঁৱৰণত আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৪৭ চনৰ এই দিনটোত ভাৰত বিভাজনৰ সময়ত অমানৱীয় সমস্যাৰ মুখামুখি হোৱা লোকসকলক আজিৰ দিনটোত স্মৰণ কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিভাজনৰ ভয়াৱহতাত প্ৰভাৱিত আৰু ক্ষতিগ্ৰস্ত হোৱা অগণন লোকক স্মৰণ কৰে। তেওঁ কয় যে বিভাজনৰ দুখ-কষ্ট সহিও পুনৰ জীৱন-যাপন কৰিবলৈ সমৰ্থ হোৱা লোকসকলৰ সাহসক আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তদুপৰি, প্ৰধানমন্ত্রী মোদীয়ে দেশৰ ঐক্য আৰু ভাতৃত্ববোধৰ বান্ধোন ৰক্ষা...