July 4, 2025 12:52 PM

views 21

২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন ২১ জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰিছে। বুধবাৰে শ্ৰী ৰিজিজুৱে কয়, যে স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহয়। ২১ আগষ্টত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আনৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।

March 20, 2025 7:55 PM

views 20

সংসদৰ উভয় সদনৰ কামকাজ আজি দিনটোৰ বাবে স্থগিত

লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ প্ৰস্তাৱিত পুনৰ নিৰ্ধাৰণ বিষয়টো সন্দৰ্ভত ডি এম কে আৰু অন্যান্য বিৰোধী সাংসদসকলে কৰা প্ৰতিবাদৰ মাজতে আজি সাংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হয় । লোকসভাৰ কামকাজ দ্বিতীয়বাৰৰ বাবে স্থগিত হোৱাৰ পাছত দিনৰ ২ বজাত ইয়াৰ কামকাজ পুনৰ আৰম্ভ হোৱাৰ সময়ত ডি এম কেৰ সাংসদসকলে বিষয়টোৰ প্ৰতিবাদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে এই বিষয়টোক লৈ বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদনৰ কা...

January 30, 2025 8:51 PM

views 28

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীৰ সংসদ ভৱনত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বাজেট অধিবেশনৰ কাম-কাজসমূহ নিয়াৰিকৈ চলাই নিবৰ বাবে চৰকাৰে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে কয়, যে বাজেট অধিবেশনৰ আৰম্ভণিতে কাইলৈ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সংসদৰ দুয়োখন সদনক সম্বোধি ভাষণ দিব। ইয়াৰ পাছতে এটা অর্থনৈতিক সমীক্ষা প্ৰকাশ কৰা হ'ব আৰু শনিবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। শ্রী ৰিজিজুৱে কয়, যে এই অধিৱেশন...

January 18, 2025 7:04 PM

views 30

অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

সংসদৰ বাজেট অধিৱেশন অহা ৩১ জানুৱাৰীত আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায় ১০ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ অনুষ্ঠিত হ'ব।

November 25, 2024 7:01 PM

views 28

সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত উভয় সদনৰে কাম-কাজ স্থগিত

এজন ভাৰতীয় উদ্যোগপতি আৰু তেওঁৰ সংস্থাৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৱাফ সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত উভয় সদনৰে কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত আজি সদনৰ পূৰ্বৱৰ্তী অধিৱেশনৰ পাছৰ সময়ছোৱাত মৃত্যু হোৱা ছগৰাকী প্ৰাক্তন সাংসদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতেই বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই এগৰাকী উদ্যোগপতিৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগৰ বিষয়টো উত্থাপনৰ চেষ্টা কৰে। কংগ্ৰেছ, ডি এম...

November 19, 2024 6:19 PM

views 32

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নবেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নবেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব।