December 21, 2025 11:54 AM
38
গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত আলোচনা
সংসদত গৃহীত বিকশিত ভাৰত G RAM G অর্থাৎ গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত অংশ লৈ অর্থনীতিবিদ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড০ দেবজিত মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ৰাজনৈতিক মত বিৰোধলৈ নগৈ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দল, প্রশাসন আৰু ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ড০ মহন্তই কয়, যে এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ ঠাইত জনসাধাৰণক ১২৫ দিনৰ নিশ্চিত কর্মসংস্থাপন প্...