August 11, 2025 9:20 PM

views 11

গোৱা বিধানসভা সমষ্টিত অনুসূচিত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক ২০২৫ সংসদত গৃহীত

গোৱা বিধানসভা সমষ্টিত অনুসূচীত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক ২০২৫ ৰাজ্যসভাই অনুমোদন জনোৱাৰ লগে লগে সংসদে আজি গৃহীত কৰে। লোকসভাই যোৱা সপ্তাহতে এই বিধেয়কখন গৃহীত কৰিছিল। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে অনুসূচীত জনজাতিৰ সদস্যসকলক ফলপ্রসূ গণতান্ত্রিক অংশগ্ৰহণৰ বাবে আসন সংৰক্ষণ কৰা আৰু গোৱা বিধানসভাৰ আসন পুনৰ সামঞ্জস্যৰ ব্যৱস্থা কৰা। এই সম্পৰ্কে হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয়, যে অনুসূচীত জনজাতিৰ সংখ্যা ২০০১ চনত ৫৬৬ ৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় ১ লাখ ৪৯ ...