August 7, 2025 9:18 PM August 7, 2025 9:18 PM
9
হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত
বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই সপ্তাহৰ চতুৰ্থ দিনাও সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। দ্বিতীয়বাৰ স্থগিতকৰণৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়টো আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। সেই সময়ত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে কয়, যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টো নিৰ্বাচন আয়োগৰ অধীনত আছে আৰু ...