December 4, 2025 6:42 PM

views 72

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক জানিবল...

December 3, 2025 4:06 PM

views 62

ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম, ভুৱা বাতৰি আৰু কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ লেখীয়া বা-বাতৰি চিনাক্ত কৰি এইবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খচৰা নীতি প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ লগতে সদনক জানিবলৈ দিয়...

December 1, 2025 10:25 AM

views 73

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক ...

November 30, 2025 11:33 AM

views 59

সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে চৰকাৰৰ সর্বদলীয় বৈঠক আহ্বান

চৰকাৰে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। ১৯ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিবেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ'ব।

November 29, 2025 10:42 PM

views 49

সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ

■ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰাক ক্ষণত আকশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত "Issues Before Parliament" হিন্দীত এই অনুষ্ঠান "Sansad Ke Samaksh Mudde". শিৰোনামেৰে প্ৰচাৰ কৰা হ'ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইন বো চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি প্ৰচাৰ কৰা হ'ব। লগতে হিন্দী ভাষাত এই অনুষ্ঠানটো আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান কাইলৈ ৰাতি ৯.৩০ বজাৰ পৰা ১০ বজালৈ প্ৰচাৰ কৰা হ'ব। শ্ৰো...

August 7, 2025 9:18 PM

views 59

হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই সপ্তাহৰ চতুৰ্থ দিনাও সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। দ্বিতীয়বাৰ স্থগিতকৰণৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়টো আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। সেই সময়ত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে কয়, যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টো নিৰ্বাচন আয়োগৰ অধীনত আছে আৰু ...

August 5, 2025 3:38 PM

views 46

উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

■ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক কেন্দ্ৰ কৰি বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদনৰ কামকাজ আজি দিনৰ দুই বজা পর্যন্ত স্থগিত ৰখা হয়। বিৰোধী সাংসদসকলে এই বিষয়টোৰ সদনত আলোচনা হোৱাটো বিচাৰিছিল। লোকসভাৰ কামকাজ দিনৰ ১১ বজাত আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ, ডি এম কে, টি এম চি আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। হুলস্থূলৰ মাজতে অধ্যক্ষ ওম বিৰলাই প্রশ্নোত্তৰ কাল চলাই নিয়াৰ চেষ্টা কৰে। বিৰোধী সদস্যসকলে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কামকাজত ব্যা...

August 5, 2025 3:31 PM

views 62

চৰকাৰে বিগত ১১ বছৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে: শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে চৰকাৰে বিগত ১১ বছৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাৰ প্রশ্ন কালত আজি পৰিপূৰক উত্তৰ দি শ্ৰী চৌহানে কয়, যে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত চাৰি লাখ কোটি টকা পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে। তেওঁ কয়, চৰকাৰী কৃষকসকলক চৈধ্য লাখ কোটিৰো অধিক টকাৰ সাৰ ৰাজসাহায্যও প্ৰদান কৰিছে।

August 4, 2025 5:32 PM

views 55

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈ স্থগিত ৰখা হয়। দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায়। কিন্তু বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয়ত ধ্বনি দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই প্ৰতিবাদৰত সদস্যসকলক প্রশ্নকাল চলাই নিয়াৰ অনুমতি দিবলৈ আৰু সকলোকে এই আলোচনাত অংশ ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে প...

August 1, 2025 8:14 PM

views 56

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদন আজি পুনৰ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত দুপৰীয়া ১২ বজাত প্ৰথমবাৰ স্থগিতকৰণৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত আলোচনাৰ দাবী জনাই শ্ল'গান দিবলৈ আৰম্ভ কৰে। সেই সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিবলৈ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয়। এনে...