August 8, 2025 8:30 PM August 8, 2025 8:30 PM
4
বিৰোধীৰ হুলস্থূলীয়া পৰিবেশৰ বাবে সংসদৰ উভয় সদন স্থগিত
বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাত দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা আজি স্থগিত ৰখা হয়। বিয়লি ৩ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সাংসদসকলে সদনৰ মজিয়ালৈ গৈ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ বিভিন্ন শ্লোগান দিয়ে। সেই সময়ত সদনৰ দায়িত্বত থকা সদস্যগৰাকীয়ে বিৰোধী সাংসদসকলক সদনৰ মজিয়াৰ পৰা নিজ নিজ আসনলৈ ঘূৰি যাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনে অনুমোদন জনোৱা আয়কৰ বিধেয়ক ২০২৫ বাতিল কৰাৰ প্ৰস্তাৱ দাখিল কৰে। হুলস্থূলীয়া পৰিবেশ অব্যাহত ...