August 27, 2024 10:50 AM
9
পেৰিছত কাইলৈৰ পৰা পেৰালিম্পিক ক্রীড়া সমাৰোহ
পেৰিছত কাইলৈৰ পৰা পেৰালিম্পিক ক্রীড়া সমাৰোহ অনুষ্ঠিত হ'ব। ১১ দিনীয়া এই প্রতিযোগিতাখন অহা ৮ ছেপ্তেম্বৰত সামৰণি পৰিব। এইবাৰ প্ৰতিযোগিতাত ভাৰতৰ ৮৪ জনীয়া দলে ভাগ ল'ব। এই প্ৰতিযোগিতাত মুঠ ১২ টা ইভেণ্টত ভাৰতীয় এথলিটে প্রতিদ্বন্দ্বিতা আগবঢ়াব। এইবাৰৰ পেৰা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত সুমিত আণ্টিল আৰু ভাগ্যশ্রী যাদৱে ভাৰতৰ ধ্বজা বহন কৰিব। উল্লেখযোগ্য যে এই ক্রীড়া সমাৰোহত বিভিন্ন দেশৰ প্ৰায় চাৰি হাজাৰ ৫০০ গৰাকী এথলিটে ২২ বিধ খেলত ৫৪৯ টা পদকৰ বাবে যুঁজিব। ক্রীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই সামাজিক...