September 28, 2024 8:33 PM

views 25

পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি জম্মুৰ ৰাজভৱনত পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জনায়। শ্ৰী সিনহাই জম্মু-কাশ্মীৰৰ পেৰা ধৰ্মবিদদ্বয়ক পেৰিচ পেৰালিম্পিক ২০২৪ত তেওঁলোকৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

September 13, 2024 5:20 PM

views 34

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে পেৰালিম্পিয়ানসকলৰ জীৱনৰ দৃষ্টিভংগী সকলোৰে বাবে বৃহৎ শক্তি। এই আদান-প্ৰদানৰ সময়ত স্বর্ণ পদক বিজয়ী সুমিত আট্টিলে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এটা স্বর্ণপদক উচৰ্গা কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি...

August 12, 2024 6:10 PM

views 27

বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪-ৰ সামৰণি

ষ্টেড দি ফ্ৰান্সত যোৱানিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক, ২০২৪-ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত থাকে। ইয়াৰ পূৰ্বে ২০২০ৰ টকিঅ' অলিম্পিকত ভাৰত এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদকেৰে ৪৮ সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ কালি শেষৰ দিনা নেডাৰলেণ্ডছৰ ছিফান হাছানে মহিলাৰ মাৰাথনত সোণৰ পদক অৰ্জন কৰে। ৩১ বছৰীয়া এথলিটগৰাকীয়ে ইয়াৰ দুদিন পূৰ্বে ১০ হাজাৰ মিটাৰত আৰু ছদিন পূৰ্বে ৫ হাজাৰ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। এই...

August 11, 2024 7:39 PM

views 21

পেৰিছ অলিম্পিকৰ আজি সামৰণি

প্রায় ৩ সপ্তাহ জোৰা ৰোমান্সকৰ খেল প্রতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। সামৰণি অনুষ্ঠানত ২০২৮ চনত লজ এঞ্জেলছত হ'বলগীয়া পৰৱৰ্তী অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজক কমিটীৰ হাতত অলিম্পিক পতাকা অৰ্পণ কৰা হ'ব। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত আছে। মনু ভাকৰে ব্ৰঞ্জৰ পদক হস্ত...

August 11, 2024 12:42 PM

views 32

পেৰিছ অলিম্পিকত ভাৰতৰ মুঠ ৬টা পদকেৰে আনুষ্ঠানিক অভিযানৰ অন্ত

পেৰিছ অলিম্পিকত ভাৰতৰ আনুষ্ঠানিক অভিযান মুঠ ৬টা পদকেৰে অন্ত পৰিছে। প্ৰতিযোগিতাৰ সামৰণিৰ পূৰ্বৰ দিনটোত কালি ভাৰতীয় মহিলা মল্লযোদ্ধা ৰিতিকা হুদা ৭৬ কিলোগ্রাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। একেদৰে গল্ফত অদিতী অশোক আৰু দীক্ষা ডাগৰ পদকৰ দৌৰৰ পৰা বাহিৰ হৈছে । যোৱা ২৬ জুলাইত আৰম্ভ হোৱা পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। সামৰণি অনুষ্ঠানৰ বাবে ভাৰতীয় পতাকা বাহকৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে। সেই অনুসৰি দুবাৰৰ অলিম্পিকৰ ...

August 8, 2024 8:01 PM

views 21

ভাৰতীয় পুৰুষ হকী দলৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতীয় পুৰুষ হকী দলে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনক ২-১ গলত পৰাস্ত কৰে। ইপিনে পেৰিছ অলিম্পিকৰ মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ ভাৰতীয় পুৰুষ মল্লযোদ্ধা অমন শ্বেহৰাৱাটে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি কোৱাৰ্টাৰ ফাইনেলত আলবেনিয়াৰ প্ৰতিদ্বন্দ্বীক ১২-০ ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকী আজি নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত ছেমিফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

August 8, 2024 1:24 PM

views 29

নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব

যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব। মল্লযুদ্ধত বৰ্তি থকা একমাত্র পুৰুষ মল্লযোদ্ধা অমন শ্বেহবাৱাটৰ ওপৰতো ভাৰতীয় খেলপ্ৰেমীসকলৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব। খেলুৱৈগৰাকী আজি বিয়লি পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হ'ব। আনহাতে মহিলা মল্লযোদ্ধা অঞ্চই ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটন...

August 7, 2024 8:03 PM

views 24

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত আজি নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ৱিনেশ ফোগতক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে বিষয়টো লৈ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি.টি. উষাৰ সৈতে ফোনযোগে কথা পাতিছে। ভাৰতীয় অলিম্পিক সংস্থাক...

August 7, 2024 7:17 PM

views 30

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া আছিল। ভাৰতীয় অলিম্পিক সংস্থাই আজি এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যোৱা নিশা দলটোৱে সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ...

August 7, 2024 5:43 PM

views 32

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া আছিল। ভাৰতীয় অলিম্পিক সংস্থাই আজি এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যোৱা নিশা দলটোৱে সকলো প্রচেষ্টা গ্রহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ...