February 10, 2025 5:26 PM February 10, 2025 5:26 PM

views 4

সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজনত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰিছে। আজি এটা ভিডিঅ’ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। সুস্বাস্থ্য তথা সুষম আহাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় য...