December 21, 2025 11:20 AM December 21, 2025 11:20 AM
13
গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰে। প্রধানমন্ত্ৰীগৰাকী ইয়াৰ পাছতে নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিশ্বমা...