October 15, 2024 5:48 PM

views 12

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে পৰমেশ শিৱমণিৰ দায়িত্ব গ্রহণ

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে আজি পৰমেশ শিৱমণিয়ে দায়িত্ব গ্রহণ কৰে। নৌ পৰিবহন আৰু নিৰ্দেশনাৰ বিশেষজ্ঞ শ্রী শিৱমণিৰ আদেশত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো মুখ্য জাহাজ অন্তর্ভুক্ত আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় আৰু ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱাসমূহৰ ষ্টাফ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৰমেশ শিৱমণিক তেওঁৰ বিশেষ সেৱাৰ বাবে ২০১৪ চনত তক্ষক পদক আৰু ২০১৯ চনত ৰাষ্ট্ৰপতিৰ তত্ৰক্ষক পদক প্ৰদান কৰা হৈছিল। ২০১২ চনত তেওঁ উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ প্রশস্তি ...