August 17, 2024 7:00 PM

views 24

সুমীত আনতিল আৰু ভাগ্যশ্রী যাদৱ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ ভাৰতীয় দলৰ ধ্বজাবাহক

পেৰিছত হ'বলগীয়া পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত টকিঅ' পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী সুমীত আনতিল আৰু শটপুট তাৰকা ভাগ্যশ্রী যাদৱে ভাৰতীয় দলৰ পতাকা কঢ়িয়াব। পেৰালিম্পিক গেমছ ২৪ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈকে ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব। এইবাৰৰ মহোৎসৱত ভাৰতৰ ৮৪ গৰাকী এথলিটে অংশগ্ৰহণ কৰিব। পেৰালিম্পিক গেমছত এইটো হৈছে ভাৰতৰ এই পর্যন্ত সর্ববৃহৎ দল। যোৱাবাৰৰ টকিঅ পেৰালিম্পিকত ৫৪ গৰাকী ভাৰতী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল।