March 11, 2025 12:40 PM

views 10

নতুন দিল্লীত আজি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি বিয়লি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই প্ৰতিযোগিতাত ১৪৫ গৰাকী ভাৰতীয় আৰু ২০ খন দেশৰ ১০৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীৰে মুঠ ২৫০ গৰাকী পেৰা এথলিটে ভাগ ল'ব। এই প্ৰতিযোগিতা ৯০টা পেৰা ইভেণ্টৰে ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ পেৰা এথলেট প্রতিযোগিতাৰূপে বিবেচিত হৈছে। ২০২৪ৰ পেৰিছ পেৰা অলিম্পিকত স্বর্ণ পদক বিজয়ী প্রবীন কুমাৰ, নৱদীপ সিং আৰু ধৰম বীৰে ভাৰতীয় দলটোক নেতৃত্ব দিব।

February 18, 2025 12:14 PM

views 12

ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এহেজাৰ ৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্রতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্ৰতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভেলিনত সুমিত অন্তিল আৰু নৱদীপ সিং, হুইল ছেয়াৰ ৰেছিঙত মনোজ চাবাপাথি, শ্বটপুটত মনোজ শিংগৰাজ, মুথুৰাজা আৰু হোকাতো চেমা, হাইজাম্পত মাৰিয়াপ্পান থাংগাৱেলু আৰু ডিচকাচ থ্রোত যোগেশ কথুনিয়া অন্যতম...