April 10, 2025 11:44 AM

views 21

বিশিষ্ট গল্পকাৰ পাপৰি বৰ্মনলৈ ভাৰতীয় ভাষা পৰিষদৰ যুৱ পুৰস্কাৰ

ৰাজ্যৰ বিশিষ্ট গল্পকাৰ পাপৰি বৰ্মনলৈ ভাৰতীয় ভাষা পৰিষদে চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ আগবঢ়াইছে। গল্পকাৰগৰাকীক অহা ১ মে'ত কলকাতাত আয়োজিত এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে – নগদ ৫১ হাজাৰ টকা, প্রশস্তি পত্ৰ আৰু অংগবস্ত্র। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে পৰিষদে গল্পকাৰগৰাকীলৈ এই বঁটা আগবঢ়োৱা বুলি জানিবলৈ দিছে।  উল্লেখযোগ্য যে ‘পৰুৱা পোহনীয়া' শীর্ষক গল্প সংকলনখনৰ বাবে তেওঁ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছিল।