June 13, 2024 11:46 AM
17
মহাৰাষ্ট্ৰত অনুষ্ঠিত পাঞ্জাত অসমৰ চেতনা শৰ্মাৰ চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ অৰ্জন
অসমৰ চেতনা শৰ্মাই মহাৰাষ্ট্ৰত অনুষ্ঠিত মহিলাৰ পাঞ্জাত চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। মহাৰাষ্ট্ৰ পাঞ্জা সন্থাৰ উদ্যোগত ৬ জুনৰ পৰা ১০ জুনলৈ নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ ৬৫ কিলোগ্ৰাম শাখাত শ্ৰীমতী শৰ্মাই স্বর্ণপদক অৰ্জন কৰে। অসমৰ খেলুৱৈগৰাকীয়ে হাৰিয়ানাৰ ৯৫ কিলোগ্ৰাম শাখাৰ চেম্পিয়ন নিৰ্মল দেৱীক পৰাস্ত কৰি চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২০০ গৰাকীতকৈও অধিক প্ৰতিযোগ...