December 26, 2025 8:56 PM

views 18

কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে এই পুঁজিৰ আবণ্টন দিয়া হৈছে। মন্ত্ৰালয়ে লগতে জনোৱা মতে ৩,৮৫৭খন গাঁও পঞ্চায়তৰ বাবে ৪৪৮ কোটি টকা মোকলাই দিয়া হৈছে। আনহাতে, ঝাৰখণ্ডৰ ৪,৩৪২খন গাঁও পঞ্চায়তৰ বাবে ২৭৫ কোটিতকৈও অধিক পুঁজি মোকলাই দিয়া হৈছে।

April 25, 2025 6:25 PM

views 36

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী সোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাত মিলিত হয়। শ্ৰী সোণোৱালে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ...

April 21, 2025 10:50 AM

views 48

ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমৰ তৃতীয় স্থান

■ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ৰ পঞ্চায়ত ক্ষমতা নির্মাণ সর্বোত্তম সংস্থা পুৰস্কাৰ শিতানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তৰ সামৰ্থ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছে। ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্রতিষ্ঠানটোৱে প্রশিক্ষণ, উদ্ভাৱনী কৌশল অৱলম্বনেৰে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালীকৰণৰ দিশত বিভিন্ন ফলপ্রসূ পদক্ষেপ গ্রহণ কৰি আহিছে। প্ৰতিষ্ঠানটোৱে সৰ্বমুঠ ১২ হাজাৰ ৮১৭টা প্ৰশিক্ষণ কাৰ্যস...