January 24, 2026 8:56 PM

views 21

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক সন্মানিত কৰিব

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক সন্মানিত কৰিব। এই প্ৰতিনিধিসকলক গণৰাজ্য দিৱসৰ পেৰেড উপভোগ কৰিবলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্রণ লাভ কৰা ব্যক্তিসকলৰ ভিতৰত প্ৰায় ২৪০ জন গাঁওপ্রধান, গাঁওবুঢ়া আৰু ব্লক তথা জিলা পঞ্চায়ত সভাপতি।

November 24, 2025 9:00 PM

views 23

সংবিধান দিৱস উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্রামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণৰ ব্যৱস্থা

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে পৰহিলৈ সংবিধান দিৱস উপলক্ষে সমগ্ৰ দেশতে তিনি তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্রামীণ পৰিচালনা সমিতিসমূহৰ মাজত এক বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে ন' ইওৰ কনষ্টিটিউচন বিষয়ত কুইজ আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। দেশৰ সকলোবোৰ গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানী...

August 15, 2024 11:50 AM

views 16

নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক ৰাষ্ট্ৰীয় কৰ্মশালা

পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অধীনত কালি নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ ১৬০ গৰাকীৰো অধিক পঞ্চায়ত প্রতিনিধিয়ে অংশগ্রহণ কৰে ৷ অনুষ্ঠানত ভাষণ দি পুডুচেৰীৰ প্ৰাক্তন উপ ৰাজ্যপাল কিৰণ বেদীয়ে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰি পঞ্চায়ত প্ৰতিনিধিসকলক সেইসমূহৰ সমাধানৰ পৰামৰ্শ প্ৰদান কৰে। তেওঁ কয় যে- পঞ্চায়ত চৰপঞ্চসকলে তেওঁলোকৰ দায়িত্বসমূহ গ্ৰহণ কৰা উচিত কিয়নো দেশৰ দুই-তৃতীয়াংশ লোক গ্ৰাম...