January 4, 2025 12:17 PM

views 15

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পুনৰ বিবেচনাৰ আবেদন ৰাজ্য চৰকাৰৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে আবেদন জনাইছে। কালি এই স্থগিতাদেশৰ সংশোধনী বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা হস্তক্ষেপধৰ্মী আবেদনৰ শুনানি ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে গ্ৰহণ কৰে আৰু এই সম্পৰ্কত ৬ জানুৱাৰীৰ ভিতৰত শপতনামা দিবলৈ গুচৰীয়া পক্ষক নিৰ্দেশ দিয়ে। অসম চৰকাৰে দাখিল কৰা এই হস্তক্ষেপধর্মী আবেদনখনত যিবোৰ পঞ্চায়তক লৈ আসোঁৱাহৰ অভিযোগ উঠিছে অথবা গোচৰ ৰুজু হৈছে সেই পঞ্চায়ত এলেকাসমূহক বা...