April 12, 2025 9:11 PM

views 35

পঞ্চায়ত নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ আজি পৰীক্ষণ, প্রার্থিত্ব প্ৰত্যাহাৰ অন্তিম দিন ১৭ এপ্ৰিল

পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্ত পৰাৰ পাছত আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২৪টা জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ২৪টা জিলা পৰিষদ সমষ্টিত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে ৮ নম্বৰ বেকেলী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী দেৱজ্যোতি ৰাভা, এক নম্বৰ পঞ্চতীর্থ হাজো জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু ২৪ নম্বৰ শৰাইঘাট কেতেকীবাৰী...