January 23, 2025 8:01 PM January 23, 2025 8:01 PM

views 9

পঞ্চায়ত নির্বাচন সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫খন জিলাত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি

গুৱাহাটী উচ্চ ন্যায়ালয়ে পূর্বে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫ খন জিলাতো এই নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ এই ৫ খন জিলাত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। খণ্ড বিচাৰপীঠে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো পঞ্চায়ততে নির্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হৈ পৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে ৯ খন লেখ আবেদনৰ গো...