April 24, 2025 12:08 PM
15
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; মুখ্যমন্ত্ৰীৰ কেইবাখনো প্ৰচাৰ সভা
ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থাৰ খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমর্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰ...