April 25, 2025 11:29 AM April 25, 2025 11:29 AM
10
ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কালি গোলাঘাটৰ বৰজান চাহবাগিচা খেলপথাৰত কংগ্ৰেছৰ হৈ দলীয় সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ পহলগামৰ ঘটনাক গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ল'বলগীয়া সকলো পদক্ষেপতে কংগ্ৰেছ দলে সমর্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ লগতে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধনবল, বাহুবল প্রয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে...