April 10, 2025 12:00 PM

views 17

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্রথমখন প্রার্থীৰ তালিকা প্ৰকাশ

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্রথমখন প্রার্থীৰ তালিকা চূড়ান্ত কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্রাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্বাচনত ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩১৮ খন আসনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। গুৱাহাটী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস আৰু দিপ্লুৰঞ্জন শৰ্মাই এইকথা প্রকাশ কৰে। মিত্রদল গণ শক্তি আৰু ৰাভা-...