November 25, 2024 11:51 AM November 25, 2024 11:51 AM
12
ৰাজ্যত অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নির্বাচন সম্পন্ন কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অসম ৰাজ্যিক নির্বাচন আয়োগে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পঞ্চায়ত নিৰ্বাচনৰ সম্ভাব্য তাৰিখো প্ৰকাশ কৰিছে। কালি গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নির্বাচন সম্পন্ন কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰপূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ ডিচেম্বৰত ভোটাৰ তালিকা আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি সদৰী কৰিছিল। উল্লেখযোগ্য যে ...