May 21, 2024 8:31 PM
18
আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ অসম গণ পৰিষদৰ
ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই শাসকীয় বিজেপি দলৰ সহযোগী দল অসম গণ পৰিষদে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৰ নেতৃবৃন্দই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া বিধানসভা সমষ্টি কেইটাত তৎপৰতাৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। অসম গণ পৰিষদ দলে হৈ যোৱা লোকসভা নিৰ্বাচনত অন্ততঃ এখন আসন লাভ কৰিব বুলি আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে, অগপই এইবাৰ বৰপেটা আৰু ধুবুৰীত নিজৰ প্ৰাৰ্থীক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰাবলৈ সুযোগ...