May 9, 2025 6:38 PM

views 26

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্রস্তুতি প্রায় সম্পূৰ্ণ

পৰহিলৈ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনি ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগণনাৰ বাবে নিৰীক্ষক, ভোটগণনা সহায়ক, সূক্ষ্ম পর্যবেক্ষকসকলকে ধৰি ভোটগণনা কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলাতো ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কালি এই প্রক্রিয়াত ন...

May 8, 2025 8:09 PM

views 35

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে বিভিন্ন জিলা প্রশাসনৰ ব্যাপক প্রস্তুতি

পঞ্চায়ত নিৰ্বাচনৰ অহা ১১ মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। ডিব্ৰুগড় জিলাত ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ এই প্রক্রিয়াত নিয়োজিত মাইক্ৰ' অবজাৰভাৰ, কাউন্টিং ছুপাৰভাইজাৰ আৰু সহযোগীসকলৰ প্ৰশিক্ষণ আজি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহ আৰু মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত আজি এই প্রশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত কেইবাগৰাকীও বিশেষজ্ঞ প্রশিক্ষকে ভোটগণনা প্রক্রিয়া সন্দৰ্ভত বিষয়াসকলক প্ৰশিক্ষণ দিয়ে। তিনিচুকীয়া জিলাত পঞ্চায়ত নিৰ...

May 2, 2025 11:41 AM

views 38

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৪ খন জিলাত ভোটগ্রহণ

● পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পর্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৪.৩০ বজাত সামৰণি পৰিব। ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই ১৪ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা ৮৯ লাখ ৬০ হাজাৰ ৫৭৭। এই জিলাকেইখনত ২১৬ টা জিলা পৰিষদ, ১,১৩৯ টা আঞ্চলিক পঞ্চায়ত আৰ...

April 30, 2025 7:54 PM

views 30

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ আজি বিয়লি ৩ বজাত সামৰণি পৰিছে। প্রথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ভোটগ্রহণ হ'ব। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাৰ ৰংজুলি সাৰাপাৰাত এন ডি এ মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি বৰপেটা জিলাৰ নগাঁও আৰু নলবাৰীৰ চামতাত আয়োজিত প্ৰচাৰ সভাত ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰ...

April 29, 2025 7:25 PM

views 29

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

অহা ২ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নির্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিপিলাৰ খটৰা সত্ৰ চৌহদত আয়োজিত এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সৰ্বাঙ্গীন কল্যানৰ বাবে বিজেপি মিত্রজোটৰ প্ৰাৰ্থী জয়ী কৰাবলৈ জনসাধাৰণক...

April 18, 2025 10:57 AM

views 22

ৰাজ্যত ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৬,৭৬১খন মনোনয়ন গ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে ৭ হাজাৰ ১৭৪খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত ছহেজাৰ ৭৬১খন মনোনয়ন গ্ৰহণ কৰা হয়। গ্রহণ হোৱা মনোনয়নসমূহৰ ভিতৰত ১৮৯খন মনোনয়ন নাকচ কৰাৰ বিপৰীতে ২৩৪খন মনোনয়ন প্ৰত্যাহাৰ কৰা হয়। গাঁও পঞ্চায়ত পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসক...

April 16, 2025 7:41 PM

views 29

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি ৩ বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ'বলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম-কাজৰ বুজ লৈছে। অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।

April 13, 2025 7:21 PM

views 29

২ আৰু ৭ মে’ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ ব্যাপক প্রস্তুতি

অহা ২ আৰু ৭ মে'ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। নগাওঁ জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আজি জিলাখনৰ নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় দুখনত স্থাপন হবলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে নির্বাচনী প্রক্রিয়া শৃংখলিতভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ নগাওঁ চহৰৰ নেহৰুৱালী খেলপথাৰত স্থাপন হ'বলগীয়া ...

April 13, 2025 12:13 PM

views 17

বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ

ৰাজ্যিক নির্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ' সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে এই সন্দৰ্ভত পঞ্চায়ত নির্বাচন হ'বলগীয়া ২৭ খন জিলাৰ আয়ুক্তলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোট গ্রহণব দায়িত্বত নিয়োজিত কৰিবলগীয়া বিষয়াৰ তালিকা প্রস্তুত কৰাৰ বাবে ই-নির্বাচন এপৰ জৰিয়তে গ্রহণ কৰা সমিলমিল প্ৰক্ৰিয়াত বি এল অসকলক অন্তর্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত আয়োগে বি এল অ'সকলক অন্য কেত...

April 13, 2025 12:09 PM

views 17

পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্রার্থীৰ জয়লাভ

পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্রার্থীয়ে জয়লাভ কৰিছে। কামৰূপ নির্বাচনী জিলাৰ অন্তৰ্গত ২৪খন জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ২৪ খন জিলা পৰিষদত মুঠ ৬১ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে বেকেলী জিলা পৰিষদৰ বিজেপি প্রার্থী দেৱজ্যোতি ৰাভা, পঞ্চতীর্থ হাজো জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিজেপি প্রার্থী বিৰাজ কুমাৰ নাথে বিনা...