May 5, 2025 7:44 PM May 5, 2025 7:44 PM

views 20

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত পৰহিলৈ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ৯১ লাখ ৩১ হাজাৰ ১২৭ গৰাকী ভোটদাতাই ২৯ হাজাৰ ৬০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। এই নিৰ্বাচনৰ বাবে মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিকাভাৱে অনু...

May 5, 2025 6:18 PM May 5, 2025 6:18 PM

views 12

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ ...

May 2, 2025 11:41 AM May 2, 2025 11:41 AM

views 23

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৪ খন জিলাত ভোটগ্রহণ

● পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পর্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৪.৩০ বজাত সামৰণি পৰিব। ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই ১৪ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা ৮৯ লাখ ৬০ হাজাৰ ৫৭৭। এই জিলাকেইখনত ২১৬ টা জিলা পৰিষদ, ১,১৩৯ টা আঞ্চলিক পঞ্চায়ত আৰ...