December 20, 2024 12:25 PM

views 18

গুৱাহাটীৰ পল্টনবজাৰ-পাণবজাৰ সংযোগী নতুন অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ

গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰু পাণবজাৰক সংযোগ কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১৯৬৫ চনত নিৰ্মাণ কৰা পাণবজাৰ ৰোড অভাৰব্ৰীজখনৰ স্থানত এখন নতুন ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই নতুন অভাৰব্ৰীজখন পূৰ্বৰখনতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ফলত সমীপতে থকা গুৱাহাটী ৰে’ল ষ্টেচনৰ ৰে'ল লাইন আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য বৃদ্ধি কৰিব পৰা হ'ব। তদুপৰি, বৈদ্যুতিক ৰে'লগাড়ীৰে সৰবৰাহ কৰা বৃহৎ মালবাহী দবাও এই নতুন অভাৰব্ৰীজৰ তলেৰে সুকলমে পাৰ হৈ যাব পাৰিব। এই নতুন অভাৰব্ৰীজখনত পূৰ্বৰ দুশা...